
(মোৰ বিষয়ে দুআষাৰ)
নমস্কাৰ! মই অঞ্জলি গোস্বামী- এগৰাকী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী। পঞ্চাশৰ দশকত যোৰহাটৰ এটা সংস্কৃতিবান পৰিয়ালত মোৰ জন্ম। সৰু কালৰে পৰাই মই গল্প, প্ৰবন্ধ, কবিতা আদি পঢ়ি ভাল পাইছিলো। পৰবৰ্ত্তী পৰ্য্যায়ত বিভিন্ন লিখনিত প্ৰকাশ পোৱা শব্দৰ গাঠনি, ভাষা, লেখকৰ প্ৰকাশভঙ্গী আৰু সৃষ্টিশীলতা আদি কথাবোৰে মোক বাৰুকৈ আকৰ্ষণ কৰিছিল। মোৰ বাবে একোটা লিখনি হৈছে এজন লেখকৰ জীৱনৰ সুন্দৰতাখিনিৰ বহিঃ প্ৰকাশ।
জীৱনটো নো কি ? মোৰ দৃষ্টিত জীৱনটো হৈছে পোৱা-নোপোৱা, আশা-নিৰাশা, হাঁহি- কান্দোনৰ এক বহল পথাৰ। তাৰ বুকুতে যেতিয়া আশাৰ সপোনবোৰে গজালি মেলে – জীৱন সুন্দৰ হৈ পৰে আৰু যেতিয়া এই সপোনবোৰে পূৰ্ণতা লাভ কৰে – তেতিয়া একেটা জীৱনেই সুন্দৰৰ পৰা সুন্দৰতম হৈ উঠে।
এই ৱেবছাইট (website)টোৰ জৰিয়তে মই মোৰ জীৱনৰ বহুৰঙী আৱেগ-অনুভূতিবোৰ চিৰস্থায়ী কৰি ৰখাৰ এক প্ৰয়াস কৰিছো। ৱেবছাইট (Website)টোৰ নাম দিছো “জীৱনৰ ৰং”। ইয়াৰ জৰিয়তে মোৰ জীৱনৰ সাতোৰঙী অভিজ্ঞতা আৰু আবেগখিনিক নানা কবিতা, গল্প, প্ৰবন্ধ আদিৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ আগুৱাই দিলো। আগ্ৰহী পাঠক সমাজে লিখনিখিনিৰ দোষ- ক্ৰূটিবোৰ আতৰাই লৈ সাদৰেৰে গ্ৰহণ কৰিব বুলি মোৰ আশা।
ধন্যবাদেৰে –
অঞ্জলি গোস্বামী
